“আচাম এড়ীফ্রেণ্ড চছাইটি” হ’ল ১৯৯০ চনৰ আশে-পাশে দৰং কলেজৰ ছাত্রাবাসত একেলগে থকা কেইজনমান আবাসীৰ সংগঠন আৰু এই সংগঠনে অসমত এড়ী পলু খেতিৰ প্রচাৰ আৰু প্রসাৰৰ চেষ্টা চলাই আছে । আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে “আচাম এড়ীফ্রেণ্ড চছাইটি”য়ে ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত সজাগতা সভা অনুষ্ঠিত কৰি ৰইিজৰ মাজত এড়ী পলুৰ সজাগতা আনিবলৈ চেষ্টা চলাই আছো ৷ আমাৰ প্রচেষ্টাতে অসমত প্রথমবাৰৰ বাবে এড়া গছৰ খেতি প্রণালীবদ্ধভাবে ঠায়ে ঠায়ে আৰম্ভ হৈছে । ব্যৱসায়িকভারে এড়ী পলুৰ খেতি কৰা খেতিয়ক সকলক আমি এটা ৱেবছাইট খুলি তালিকাভুক্ত কৰিবলৈ চেষ্টা কৰিছো । যাতে প্রকৃত খেতিয়ক সকলক চৰকাৰে চিনাক্ত কৰাত সুবিধা হয় আৰু চৰকাৰী বিভিন্ন আঁচনিৰ সুফল প্রকৃত খেতিয়কসকলে পায় ৷ আমাৰ বিষয়ে সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰিব পাৰে।
যদিও আপোনি এড়ী খেতিয়ক নহয়, তথাপি অমাৰ এই অভিযানৰ সহযোগি হব পাৰে যদিহে অপোনি ইমেইল/ফন-কল/ব্যক্তিগত-সাক্ষাৎৰ যোগেদি অপোনাৰ বহুমূলীয়া পৰামৰ্শ আমাৰ যোগাযোগ শীৰ্ষক পৃষ্ঠাত সন্নিবিষ্ট ইমেইল-আইডি/ফন্ নম্বৰ/ঠিকনা ব্যবহাৰ কৰি আমাক জনোৱাত সহায় কৰে।
আহঁক...সকলোৱে মিলি সংকল্পবদ্ধ হওঁ --“ৰেছমী অসমৰ সোনালী ভবিষ্যৎৰ” বাবে ।
এড়ী ৰেচম অসমৰ ঐতিহ্য আৰু গৌৰৱ । উত্তৰ পূৱ ভাৰত আৰু চীন-জাপানৰ কিছু কিছু অঞ্চলত পোৱা ছামিয়া চিন্হিয়া [Samia Cynthia] নামৰ এবিধ পলুৰ পৰা আহৰণ কৰা এই ৰেচম দৰাচলতে অসমতে ৮০শতাংশ উৎপন্ন হয় । এড়ী নামটোও অসমৰ এড়া শব্দটোৰ পৰা আহিছে । এড়া পাত এই পলুৰ প্ৰধান খাদ্য । ইয়াৰ ওপৰিও অসমত সচৰাচৰ পোৱা কেছেৰু গছৰ পাত এই পলুৱে খায় । এই কাঠ বগা ৰেচম বিধ আন তিনিবিধ ৰেচম পাট, মুগা আৰু টছৰতকৈ বেছি কপাহী, শীত- তাপ নিয়ন্ত্ৰক আৰু অহিংস ৰেচম বুলি পৃথিৱীৰ বিভিন্ন প্ৰান্তত যথেস্ট সমাদৰ আছে । প্ৰাকৃতিকভাবে অসমৰ জলবায়ু এড়ী পলুৰ খেতিৰ বাবে পৃথিৱীৰ ভিতৰত উৎকৃষ্ট। এই ৰেচমৰ খেতি ঘৰৰ ভিতৰতে কৰিব পাৰি আৰু আন ৰেচমৰ তুলনাত ইয়াৰ উৎপাদন ব্যয় কম । তদুপৰি এই খেতি এগৰাকী মহিলাই ঘৰতে কৰিব পাৰে ।
ব্যৱসায়িকভাবেও এড়ী পলুৰ খেতি হল নূন্যতম উৎপাদন ব্যয়ত সাংঘাটিক লাভজনক খেতি। এড়ীৰ খোলা [cocoon] মূল ফচল [main product] যদিও ইয়াৰ লেটা [pupae] এবিধ উৎকৃষ্ট খাদ্য । অত্যন্ত প্ৰটিনযুক্ত এই লেটা অনন্য সোৱাদযুক্ত আৰু বিভিন্ন বেমাৰৰ প্ৰতিকাৰক হোৱাৰ বাবে ইয়াৰ বজাৰ মূল্য বহুত । তদুপৰি এড়ীৰ মল [stools] এবিধ উৎকৃষ্ট জৈৱিক সাৰ । ইয়াৰ ওপৰিও পলুৰ খাদ্যৰ বাবে লগাই লোৱা এড়া গছৰ গুটিৰ পৰা তেল [castor oil] আহৰণ কৰিব পাৰি আৰু এই তেলৰ বজাৰ মূল্য আছে । এড়ী ৰেচম খেতিৰ দ্বাৰা খেতিয়ক সকল প্ৰত্যক্ষ ভাবে লাভবান হোৱাৰ উপৰিও ইয়াৰ অনুসাংগিক লেটা, মল, এড়ী গুটিৰ ব্যৱসায়ত জড়িত হৈ বহুত মানুহৰ জীৱিকাৰ বাট মুকলি হোৱাৰ বিপুল সম্ভাৱনা আছে ।
এই উদ্দেশ্য সমুহ আগত ৰাখিয়েই আচাম এড়ীফেন্ড চছাইটি য়ে অসমত এড়ী পলু খেতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাম কৰাৰ লগতে মধ্যভোগিৰ কবলৰ পৰা খেতিয়কক মুক্ত কৰি উচিত মূল্য পাব পৰা ব্যৱস্হা কৰি দিবলৈ প্ৰয়াস কৰিছে । এৰাধৰাকে অসমৰ মানুহে এড়া পলু পূৰ্বপুৰুষৰ দিনৰ পৰাই পুহি আহিছে যদিও পলুৰ খাদ্যৰ বাবে এড়া গছৰ খেতি প্ৰনালীবদ্ধ ভাবে নকৰে । সেয়ে আচাম এৰীফেন্ড চছাইটিয়ে অসমৰ বিভিন্ন প্ৰান্তৰ খেতিয়কৰ মাজত সজাগতা আনি এড়ী গছৰ খেতিৰ প্ৰসাৰ ঘটাবলৈ প্ৰচেষ্টা লৈছে । এড়া গছৰ খেতিৰ প্ৰসাৰ ঘটিলেই এড়ী ৰেচমৰ খেতিৰো প্ৰসাৰ ঘটিব । এড়া গছৰ খেতিও যিহেতু আন খেতিৰ দৰেই লাভজনক, সেয়ে চছাইটি এই ক্ষেত্ৰত আশাতিত ভাবে সফল হৈছে । খোলা, লেটা, পলুৰ মল, আৰু এৰাগুটি চছাইটিয়ে উচিত মূল্যত বিক্ৰিৰ ব্যৱস্হা কৰি দি খেতিয়কক সহায় কৰি আহিছে । তদুপৰি দেখা যায় যে মধ্যভোগীৰ বাবে খেতিয়ক সকল প্ৰায়ে উচিত মূল্য আৰু চৰকাৰি বিভিন্ন আঁচনিৰ পৰা বিমুখ হব লগা হয় । সেয়ে ব্যৱসায়িক ভাবে যিসকল খেতিয়কে নিজে এড়া গছৰ খেতি বা কেছেৰু গছৰ ব্যৱস্হা কৰি বছৰটোৰ কেইবাবাৰো এড়ী পলুৰ খেতি কৰিব, সেই সকলৰ নাম এড়ীফেন্ডৰ ৱেবচাইটত সন্নিবিষ্ট কৰাৰ ব্যৱস্হা কৰা হৈছে । খেতিয়কৰ মুঠ উৎপাদনৰ পৰিমান, পোৱা দাম আদি তথ্যও ইয়াত সন্নিবিষ্ট থাকিব । ফলত খেতিয়ক সকল প্ৰত্যক্ষভাৱে চৰকাৰৰ লগত জড়িত হব পাৰিব আৰু চৰকাৰি বিভিন্ন আঁচনিৰ সুফল পোৱাত সুবিধা হব । তদুপৰি বহি:বিশ্বৰ বিভিন্ন টেক্সটাইল উদ্যোগৰ লগত যোগাযোগ কৰি খেতিয়কে উচিত মূল্য পোৱাত সহায়ক হব ।
এড়ী পলুৰ জীৱন চক্ৰ এটা আচৰ্য্যকৰ প্ৰাকৃতিক প্ৰক্ৰিয়া । এড়ী পলুৰ খেতি সম্পূৰ্ণ প্ৰদূষণ মুক্ত পৰিবেশত হয় । এড়ী পলুৰ বিচিত্ৰময় জীৱন চক্ৰ আৰু প্ৰদূষণমুক্ত এড়ী গাঁও বিদেশৰ পৰ্য্যটকৰ বাবে আকৰ্ষণৰ বিষয় হব । ই অসমৰ পৰ্য্যটনক্ষেত্ৰৰ বিকাশত সহায় কৰিব । গতিকে এড়ী পলু খেতিৰ প্ৰসাৰৰ লগে লগে বিভিন্ন দিশত কৰ্মসংস্হাপনৰ বাট মুকলি হব । দৰাচলতে এড়ী ৰেচম খেতিৰ প্ৰসাৰ হলেই অসমৰ অৰ্থনীতিৰ বৈপ্লৱিক পৰিবৰ্তন সাধন হব । অসম হব ভাৰতৰ আগশাৰীৰ এখন ধনী ৰাজ্য । এই উদ্দেশ্য আগত ৰাখিয়েই আচাম এড়ীফেন্ড চছাইটিয়ে কাম কৰি আহিছে । এড়ীফেন্ডৰ লক্ষ্য - এড়ী ৰেচমৰ দ্বাৰা অসমৰ সোণালী ভৱিষৎ গঢ়াৰ ।
The 3rd July every year is observed as Erifriend Day which is commonly known as ERIBANDHU DIVASH. The is observed to create awareness about Eri. Various meeting and cultural programs are being arranged at various places on this day. During evening time on this particular day, the Eri farmers celebrate by lighting lamps (Saaki) at various places.
The Erifriend day is also the foundation day of Assam Erifriend Society.